_ _    _ _____  ___   __                       
 __      _(_) | _(_)___ / ( _ ) / /_   ___ ___  _ __ ___  
 \ \ /\ / / | |/ / | |_ \ / _ \| '_ \ / __/ _ \| '_ ` _ \ 
  \ V  V /| |   <| |___) | (_) | (_) | (_| (_) | | | | | |
   \_/\_/ |_|_|\_\_|____/ \___/ \___(_)___\___/|_| |_| |_|

ইহুদী ধৰ্ম


ইহুদী ধৰ্ম (হিব্ৰু: יְהוּדִים য়েহুদীম্) অত্যন্ত প্ৰাচীন, এক ঈশ্বৰবাদী ধৰ্ম। ইহুদী ধৰ্ম খ্ৰীষ্টান ধৰ্ম, ইছলাম ধৰ্মৰ নিচিনাকৈ, আব্ৰাহামিক ধৰ্ম। এই ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ হিচাপে পুৰণা নিয়মৰ প্ৰথম পাঁচ খন কিতাপক গণ্য কৰা হয়: আদিপুস্তক, যাত্ৰাপুস্তক, লেবীয় পুস্তক, গণনাপুস্তক, আৰু দ্বিতীয় বিৱৰণ। এই পাঁচখন কিতাপক একেলগে "তওৰা"ও বোলা হয়।

ইহুদী ধৰ্মবিশ্বাসমতে, ঈশ্বৰ এক, আৰু তেওঁক জেহোবা (Jehovah, YHWH) নামেৰে আখ্যায়িত কৰা হয়। মোজেছ হ'ল ঈশ্বৰৰ এজন বাণীবাহক। ইছলাম আৰু খ্ৰিষ্টাণ ধৰ্মৰ নিচিনাকৈয়েই ইহুদীসকলে পূৰ্বৰ সকলো বাণীবাহকক বিশ্বাস কৰে আৰু বিশ্বাস কৰা হয় মোজেছেই সৰ্বশেষ বাণীবাহক; অন্যদিশে মুছলিমসকলে মুহাম্মাদ (ছাঃ)ক সৰ্বশেষ বাণীবাহক বুলি বিশ্বাস কৰে। ইহুদীসকলে যীশুক ঈশ্বৰৰ বাণীবাহক হিচাপে অস্বীকাৰ কৰিলেও, খ্ৰিষ্টাণ সকলে ইহুদীসকলৰ সকলোবোৰ ধৰ্মগ্ৰন্থ (পুৰণা নিয়ম)ক নিজৰ ধৰ্মগ্ৰন্থ হিচাপে মানে। একেধৰণে মুছলিম সকলেও মোজেছক নিজৰ এজন অন্যতম বাণীবাহক আৰু তাওৰাতআল্লাহৰ বাণী বুলি বিশ্বাস কৰে। ইহুদী ধৰ্ম ছেমেটিক ধৰ্ম হিচাপেও অভিহিত।